-দিবাকৰ বৰদলৈ
আমাৰ শাৰীৰিক, মানসিক আৰু সামাজিক, বহু সমস্যাৰ প্ৰাথমিক কাৰণ আমাৰ নেতিবাচক চিন্তাধাৰা। সমুখত প্ৰত্যাহ্বান দেখিলেই নোৱাৰিম বুলি পিছ হোঁহকা, ভাল ভাল কথা-কাৰ্যৰ মাজতো বেয়াটোহে চকুত পৰা, বা অনবৰত সকলো ক্ষেত্ৰতে উজৰ আপত্তি দৰ্শোৱা এই সকলোবোৰৰ অন্যতম কাৰণ আমাৰ নেতিবাচক মনটো। অৰ্থাৎ নেতিবাচক মনৰ মানুহবোৰে খোজেপ্ৰতি ভাল-বেয়াৰ বিচাৰ কৰি বেয়া দিশবোৰ উন্মোচন কৰিবলৈ চেষ্টা কৰি থাকে। সেয়ে নেতিবাচক দৃষ্টিভংগীৰ মানুহক খং, হতাশা, নিৰাশা, আদি নেতিবাচক আৱেগবোৰে আগুৰি থাকে। তেনে মনৰ ব্যক্তিয়ে সঠিক সিদ্ধান্ত ল’ব নোৱাৰি নকৰিবলগীয়া কাম কৰি প্ৰায়ে বিপদত পৰে। এই যে মানুহবোৰে আত্মহননৰ দৰে চূড়ান্ত সিদ্ধান্ত লৈ সুন্দৰ জীৱন এটা এৰি গুচি গৈছে তাৰ আঁৰতো নেতিবাচক মনটোৱে যথেষ্ট অৰিহণা যোগায়।
প্ৰকৃততে নেতিবাচক মন এটাৰে আমি কেতিয়াও সুখী হ’ব নোৱাৰোঁ আৰু আনকো সুখী কৰিব নোৱাৰোঁ। কিয়নো সকলো ক্ষেত্ৰতে কেৱল বেয়াখিনি দেখাপোৱা মানুহে ঘৰৰ-পৰৰ কাৰো স’তে সুসম্পৰ্ক ৰক্ষা কৰি চলিব নোৱাৰে। তেনে লোকৰ ধ্যান ধাৰণা সদায় পশ্চাদমুখী। তেনে লোকে জীৱনৰ সৰু-সুৰা প্ৰত্যাহ্বানতে হাৰ মানি হায়ৈ বিয়ৈ কৰি ফুৰে।
ইতিবাচক দৃষ্টিভংগীয়ে মানুহক ইতিবাচক মনৰ গৰাকী কৰি তোলে। যেতিয়াই আমি আমাৰ অভিজ্ঞতাবোৰত ইতিবাচক অৰ্থৰ সন্ধান কৰিম অৰ্থাৎ বেয়াৰ মাজতনো কি কি ভাল হ’ল তাক বিচাৰিবলৈ সক্ষম হ’ম বা বৰ্তমানৰ বেয়াবোৰৰ মাজতো ভৱিষ্যতে ভাল কিবা এটা হ’ব বুলি আশাবাদী হ’ব পাৰিম তেতিয়াই আমি ইতিবাচক দৃষ্টিভংগীৰ গৰাকী হ’ব পাৰিম। ইতিবাচক মনৰ ব্যক্তিসকলৰ মনবোৰ প্ৰেম-ভালপোৱা, কৃতজ্ঞতা, প্ৰেৰণা, পৰিতৃপ্তী, আনন্দ ইত্যাদি ইতিবাচক আৱেগেৰে পৰিপূৰ্ণ হৈ থাকে। ফলত তেওঁলোকে ব্যক্তিগত অথবা সামাজিক যিকোনো পৰ্যায়তে সময়ৰ স’তে মিলি সুন্দৰ আৰু সুখৰ জীৱন কটাবলৈ সমৰ্থ্যৱান হয়।
সাম্প্ৰতিক সময়ত জীৱনৰ অন্য নাম ব্যস্ততা। নব্য-উদাৰ অৰ্থনীতি, গোলকীকৰণ, ভোগবাদৰ নাগপাশত জীৱন হৈ পৰিছে যন্ত্ৰৰ লেখীয়া। সকলোতকৈ আগত থকাৰ প্ৰতিযোগিতাৰ নিগনি দৌৰত বহু মানুহ নিজেই ক’ব নোৱৰাকৈয়ে ভয়, শংকা, হতাশা, নিৰাশাত ভুগি জীৱনৰ সুখ-স্বাচ্ছন্দ্য হেৰুৱাই পেলাইছে। ইতিবাচক মনোবিজ্ঞানৰ প্ৰবক্তাসকলে গৱেষণাৰ দ্বাৰা প্ৰমাণ কৰিছে যে ইতিবাচক মনৰ মানুহবোৰ নেতিবাচক মনৰ মানুহতকৈ অধিক সুখী। তেওঁলোকে অধিক মনোযোগেৰে কামত ডুবি থাকি কৰি থকা কামটো উপভোগ কৰিব পাৰে বাবে আধিক সফলতা লাভ কৰিব পাৰে। উচ্চ ৰক্তচাপ, নিদ্ৰাহীনতা, হৃদযন্ত্ৰৰ ৰোগ আদিত ইতিবাচক মনৰ মানুহে কমকৈ ভোগে।
মানৱ বিৱৰ্তনৰ ইতিহাসৰ পৰা চালে দেখা যায় যে মানৱ জাতি বহু প্ৰত্যাহ্বানৰ মাজেৰে আহি আজি এই অৱস্থা পাইছেহি। হিংস্ৰ জীৱ-জন্তু, প্ৰাকৃতিক দুৰ্যোগ আদিৰ পৰা ৰক্ষা পাবলৈ মানুহে প্ৰতি মুহূৰ্ততে সজাগ হৈ থাকিব লগা হৈছিল। সেয়েহে মানুহৰ মগজুৱে সকলো ক্ষেত্ৰতে প্ৰথমেই নেতিবাচক কথাবোৰহে ভাবে বা দেখে বুলি মনোবিজ্ঞানীসকলে কৈছে। সেয়ে আমি অচিনাকি মানুহক সন্দেহৰ চকুৰে চাওঁ, কোনোবাই ভাল পৰামৰ্শ দিলেও ছল কৰা বুলি ভাবোঁ, কৰ'বালৈ অকলে যাবলৈ ভয় কৰোঁ ইত্যাদি ইত্যাদি। এনেকুৱা সন্দেহ বা ভয়বোৰে বহু ক্ষেত্ৰত আমাৰ উপকাৰো সাধে। কিন্তু অকাৰণে ভয়, সন্দেহ, খং, আদি নেতিবাচক কথাবোৰৰ বাবে আমাৰ সুখ-শান্তি নোহোৱা হয়। সেয়েহে প্ৰয়োজনত আমাৰ মগজুক ইতিবাচক দৃষ্টিৰে চাবলৈ শিকাব লাগিব।
আপুনি যদি ভাবিছে আপুনি নেতিবাচক মনৰ মানুহ, তেন্তে চিন্তা নকৰি ইতিবাচক মনৰ গৰাকী হ’বলৈ নিম্নোক্ত ক্ৰিয়া-কলাপ কেইটা (এনে ক্ৰিয়া-কলাপ আৰু বহুত আছে) অনুশীলন কৰিব পাৰে। শিক্ষক-শিক্ষয়িত্ৰীসকলেও তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীসকলক এনে ক্ৰিয়া-কলাপসমূহ অনুশীলন কৰালে শিক্ষাৰ্থীৰ শৈক্ষিক, মানসিক আৰু সামাজিক উৎকৰ্ষ সাধনত সহায়ক হ’ব।
(ক)পৰ্যৱেক্ষণ কৰক:
এনে বহু ব্যক্তি আছে যি প্ৰত্যাহ্বনৰ সময়ত ইতিবাচক মন এটাৰে ধৈৰ্য ধৰি থাকিব পাৰে। তেনে ব্যক্তিক পৰ্যৱেক্ষণ কৰক - তেওঁলোকেনো কেনেকৈ ইতিবাচক হৈ থাকিব পাৰিছে! তেনে লোকক সুধি কিটিপবোৰ আয়ত্ত কৰিব পাৰিলে ভাল। তাৰোপৰি আপুনি কোনো ব্যক্তিৰ জীৱনী বা আত্মজীৱনী পঢ়ি প্ৰত্যাহ্বানক সাহসেৰে মোকাবিলা কৰাৰ কিটিপবোৰ শিকিব পাৰে। প্ৰকৃতিৰ পৰাও শিকিবলগীয়া বহু আছে। গুৰি কটা গছবোৰ পুনৰ ঠন ধৰি উঠা দৃশ্য আমি সকলোৱে দিখিছোঁ। অৰ্থাৎ সকলো শেষ হোৱাৰ পাছতো কিবা এটা থাকি যায়, যি আমাক জীয়াই থকাত সহায় কৰে !!
(খ)ভাল লগা মুহূৰ্তবোৰ সোৱাদ লওক:
ভাল লগা কিবা এটা পৰিপূৰ্ণভাৱে সোৱাদ লোৱা কাৰ্যক ইংৰাজীত কোৱা হয় savoring.(।) সজাগ আৰু সচেতনভাৱে অতি মনোযোগেৰে ইচ্ছাকৃতভাৱে অতীত অথবা বৰ্তমান বা ভৱিষ্যতৰ ভাল লগা মুহূৰ্তবোৰ উপভোগ কৰিবলৈ যত্ন কৰাকে সোৱাদ লোৱা বোলা হয়। অতীততে কোনো সফলতা, প্ৰাপ্তি, আদি অভিজ্ঞতাৰ কথা মনত পেলাই সেই মুহূৰ্তটোলৈ ঘূৰি যাওক, দেখিব মনটো প্ৰফুল্লিত হৈ উঠিছে। ঠিক সেইদৰে ভাল লগা গান শুনি, কিতাপ পঢ়ি, চিনেমা চাই বা ঘৰৰ মানুহৰ স'তে কটাই বা নিজৰ ভাল লগা কাম কৰিও বৰ্তমানৰ সময়খিনিৰ সোৱাদ ল'ব পাৰে। ভৱিষ্যতে কৰিম বুলি ভাবি থকা কাম এটাৰ সফল ছবি এখন মানস পটত দৃশ্যায়ন কৰিও ভৱিষ্যত সাপেক্ষে সোৱাদ ল'ব পাৰে। মনত ৰখা উচিত ভৱিষ্যত পৰিকল্পনা এটা মনত দৃশ্যায়ন কৰা মানে কেৱল কল্পনা কৰা নুবুজায়। ই আমাৰ অৱচেতন মনত এনেদৰে অংকিত হয় যে সেয়া বাস্তৱ ক্ষেত্ৰত সাকাৰ ৰূপ পোৱাত সহায় কৰে। বিজ্ঞানৰ উদ্ভাৱনবোৰ আৰম্ভ হয় কল্পনাৰে।
প্ৰণিধানযোগ্য, সোৱাদ লোৱা কাৰ্যটো লুক-ঢাককৈ কৰা নহয়। ই মুক্ত আৰু খোলা মনেৰে কৰা কাৰ্য। চিনেমা এখন অকলে চাই যিমান উপভোগ কৰিব পাৰি, লগত কাৰোবাক লৈ বেচি ভালকৈ উপভোগ কৰিব পাৰি। আকৌ অতীতৰ ভাল লগা কথাবোৰ আনৰ আগত ভাগ বাটোৱাৰা কৰিলেহে বেছি আনন্দ পোৱা যায়।
(গ)দিনৰ শেষত তিনিটা ইতিবাচক কথা:
আমাৰ নেতিবাচক মগজুটোক ইতিবাচক মূৰ দিবলৈ দিনৰ শেষত বা ৰাতি শোৱাৰ আগে আগে পাৰ হৈ যোৱা দিনটোৰ তিনিটা ইতিবাচক অভিজ্ঞতা লিখাৰ অভ্যাস কৰিবলৈ মনোবিজ্ঞানীসকলে পৰামৰ্শ দিছে। দিনটো যিমান বেয়া ধৰণেই নাযাওক, তাৰ মাজতে কি ভাল হ’ল বা কোন বোৰ কথাই আপোনাৰ মনটো ভাল লগালে তাৰ হিচাপ কৰি সেইবোৰৰ প্ৰতি কৃতজ্ঞ হওক। কথাবোৰ বহুত ডাঙৰ কিবা এটা হ'ব লাগিব বুলি কোনো কথা নাই। এটা সামান্য কথাও আপোনাৰ বাবে ইতিবাচক আৰু ভাল লগা হ'ব পাৰে। অতি কমেও তিনি সপ্তাহ অভ্যাস কৰিলে সুফল অৱশ্যেই পাব বুলি তেওঁলোকৰ মত!
(ঘ)আপোনাৰ নিয়ন্ত্ৰণত নথকা কথাবোৰকলৈ চিন্তা কৰি নাথাকিব:
যিবোৰ কথা বা বিষয়কলৈ আমি চিন্তা-ভাবনাত বুৰ গৈ থাকোঁ সেইবোৰ দুটা ভাগত ভগাব পাৰোঁ - কিছুমান আমাৰ নিজৰ নিয়ন্ত্ৰণত থাকে আৰু কিছুমান আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত থাকে। অৰ্থাৎ কিছুমান কথা/বিষয় আমাৰ ইচ্ছা অনুসৰি গ্ৰহণ বা বৰ্জন কৰিব পাৰোঁ। যেনে- আমাৰ পছন্দ (ভালপোৱা-বেয়াপোৱা ইত্যাদি ), আমাৰ আৱেগ (খং, অহংকাৰ, ভয়, ঈৰ্ষা ইত্যাদি), ইচ্ছ-অনিচ্ছাবোৰ ইত্যাদি। আকৌ, আমি আমাৰ ইচ্ছানুসৰি গ্ৰহণ বা বৰ্জন কৰিব নোৱৰা বিষয়বোৰ হ'ল যিবোৰ আনৰ অধীনত থাকে যেনে- আনৰ ইচ্ছা-অনিচ্ছা, আনৰ আৱেগ, আনৰ পছন্দ , আৰু প্ৰাকৃতিক পৰিঘটনা-দুৰ্যোগ যেনে ৰ'দ, বৰষুণ, বতাহ, ৰোগ ইত্যাদি ।
তলৰ উদাহৰণকেইটালৈ মন কৰক -
১) আমাৰ পছন্দ অনুসৰি এসাঁজ আহাৰ খাব পাৰোঁ, এযোৰ জোতা ল'ব পাৰোঁ। মন কৰিলেই উঠি অহা খংটো দমন কৰিব পাৰোঁ। (এয়া আমাৰ নিয়ন্ত্ৰণাধীন)
২) আমাৰ ইচ্ছানুসৰি আনৰ খংটো আমি দমন কৰিব নোৱাৰোঁ। ইচ্ছানুসৰি ৰ'দ , ইচ্ছানুসৰি বৰষুণ বা বতাহ পাব নোৱাৰোঁ বা সেইবোৰ নাইকিয়া কৰিব নোৱাৰোঁ। বুকু ভুকুৱাই কান্দিলেও আমাক ভাল নোপোৱা মানুহৰ মৰম আদায় কৰিব নোৱাৰোঁ।(এইবোৰ আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত)
গতিকে আমাৰ কৰণীয় হ'ল আমাৰ নিয়ন্ত্ৰণাধীন বিষয়বোৰত গুৰুত্ব দিব লাগে আৰু তেতিয়াই আমি ইতিবাচক মনৰ অধিকাৰী হৈ সুখে-শান্তিৰে থাকিব পাৰিম।
(ঙ)অৰ্থৰ সলনি কৰক:
যিটো কাৰক বা দুৰ্ঘটনাৰ বাবে আপোনাৰ মন নেতিবাচক ভাব ধাৰাই আগুৰি ধৰিছে বা দু:চিন্তাত ভুগিছে সেই কাৰক বা দুৰ্ঘটনাটোৰ অৰ্থ সলাই দিয়ক। কিন্তু কেনেকৈ ? ধৰা হওক আপোনাৰ ক'ভিড হৈছে। মৃত্যুৰ ভয়ে আপোনাক ব্যতিব্যস্ত কৰি তুলিছে। কি কৰিব, কি নকৰিব ভাবি পোৱা নাই আপুনি । অলপ শান্ত হৈ বহি আপোনাৰ অৱস্থাটোক বেলেগ ধৰণেৰে চাবলৈ যত্ন কৰক। এনেদৰে ভাবিব পাৰে -
১) ক'ভিডৰ জৰিয়তে ভগৱানে আপোনাৰ মানসিক শক্তি আৰু সাহসৰ পৰীক্ষা চাব খুজিছে । নহ'লেনো কাষৰে-পাঁজৰে ইমানবোৰ মানুহ থাকোঁতে আপোনাৰহে ক'ভিড হ'বলৈ পায়নে ? গতিকে আপোনাৰ কৰ্তব্য হ'ল আপোনাৰ মানসিক শক্তি আৰু সাহস অটুট ৰাখি ক'ভিড জয় কৰাৰ। নতুবা -
২) আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সবল হোৱাৰ বাবেহে ভগৱানে আপোনাক ক'ভিডৰ দ্বাৰা আক্ৰান্ত কৰাইছে । কিয়নো আপোনাৰ সবল ৰোগ প্ৰতিৰোধ ক্ষমতাই অনায়াসে ক'ভিডক পৰাজয় কৰিব পাৰিব। নতুবা -
৩) আপুনি ক'ভিড বোলা কোনো ৰোগ নাই বুলি অতদিনে টিঘিলঘিলাই ঘূৰি ফুৰিছিলে । আজি আপুনি ক'ভিডৰ অভিজ্ঞতা লাভ কৰিলে । এটা শিক্ষা পালে ! বুজিব পাৰিলে যে এজন-দুজন বা দহজনে মিছা মাতিলেও সকলোৱে মিছা নামাতে । এটা শিক্ষা পালে - সাৱধানীৰ মৰণ নাই।
(এইদৰে আপুনি নিজাববীয়াকৈ অৰ্থ উলিয়াই ল'ব পাৰে)
গুৰুত্বপূৰ্ণ কথাটো হল, ইতিবাচক মনৰ গৰাকী হোৱা মানে এইটো নহয় যে আপুনি একোতে নেতিবাচক নেদেখিবই। কোনো মানুহ নেতিবাচকতাৰ পৰা হাত সাৰিব নোৱাৰে। পৃথিৱীৰ আটাইতকৈ সফল, সুখী ব্যক্তি জনৰো কেতিয়াবা হতাশা আহে বা খং উঠে। যিদৰে অনবৰত নেতিবাচক দেখি থকাটো ভাল স্বভাৱ নহয় থিক সেইদৰে ইতিবাচক দেখাটোও বৰ শুভ লক্ষণ নহয়। সকলোতে ইতিবাচক দেখা বা নিৰৰ্থক ইতিবাচক দিশ বিচাৰি ফুৰিলে হিতৰ বিপৰীতটোহে হ’ব। গতিকে সময় আৰু পৰিস্থিতি সাপাক্ষে, বিচাৰ আৰু বুদ্ধিক সাৰোগত কৰি সিদ্ধান্ত লোৱা উচিত।