-দিবাকৰ বৰদলৈ
ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীকে আদি কৰি বিদ্যালয়ত কৰ্মৰত সকলোৰে বাবে বিদ্যালয়খন এখন দ্বিতীয় ঘৰ। কিয়নো, দিনৰ সৰহখিনি সময় সকলোৱে বিদ্যালয়তে কটাবলগীয়া হয়। শিক্ষণ-শিকন কাৰ্যৰ লগতে খোৱা-বোৱা আদি সকলো কৰিবলগীয়া হয় বিদ্যালয়তে। তেনেস্থলত বিদ্যালয়খনৰ পৰিৱেশ যদি অনুকূল নহয় তেন্তে শিক্ষণ-শিকনটো বাদেই কোনো ক্ষেত্ৰতে মনোযোগেৰে বা আন্তৰিকতাৰে কাম কৰিব পৰা নাযায়। ফলত শিক্ষাৰ মূল লক্ষ্য আৰু উদ্দেশ্যত উপনীত হোৱাত বাধা আহি পৰে। এই কথাকেইটা এই কাৰণেই কৈছোঁ কাৰণ মই দেখা প্ৰায়বোৰ চৰকাৰী প্ৰাদেশিকৃত বিদ্যালয়ৰ চৌপাশ, শ্ৰেণীকোঠা, প্ৰস্ৰাৱাগাৰ, কাৰ্যালয় আদি লেতেৰা আৰু অস্বাস্থ্যকৰ।কোনো কোনো বিদ্যালয়ৰ প্ৰস্ৰাৱাগাৰত সোমাব নোৱৰাকৈ লেতেৰা, কিন্তু প্ৰস্ৰাৱাগাৰটোত প্ৰয়োজনীয় সকলো সুবিধাই উপলব্ধ। নাই মাথোঁ আপদাৰ।
নিজৰ বিদ্যালয়খন সৰ্বাংগ সুন্দৰকৈ সজাই পৰাই লোৱাটো প্ৰতিজন প্ৰধান শিক্ষকৰে অন্যতম প্ৰধান দায়িত্ব হোৱা উচিত। তাৰ বাবে তেখেতে প্ৰথমে নিজকে চাহাব বা মালিক (Boss) বুলি নাভাবি গণতান্ত্ৰিক নেতা (Democratic Leader) হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব। তেখেতে নিজেই এজন গণতান্ত্ৰিক নেতা হৈ বিদ্যালয়ৰ সমস্যাবোৰ আলোচনা কৰি সমাধানৰ পথ উলিয়াই ল’ব লাগিব। আমি দেখিছোঁ, বহু প্ৰধান শিক্ষকে নিজকে আমোলা বিষয়া বুলি ভাবি বাকী শিক্ষক-শিক্ষয়িত্ৰী বা অন্য কৰ্মচাৰীক তলতীয়া কৰ্মচাৰী মানি এক ব্যৱধান বজাই ৰাখে। গতিকে তেওঁলোকে সহকৰ্মীৰ অনুৰোধ বা পৰামৰ্শক বৰ বেছি গুৰুত্ব নিদিয়ে। তেওঁলোকে পাহৰি যায় বিদ্যালয়ৰ প্ৰধান শিক্ষকজন আচলতে First among the equals – হে ! অৰ্থাৎ প্ৰধান শিক্ষকসকলে সমপৰ্যায়ৰ ব্যক্তিৰ মাজৰ প্ৰথমজন বুলি পতিয়ন গৈ কাম কৰিলেহে বিদ্যালয় এখন সুন্দৰৰূপে গঢ় দিব পাৰিব।
বিদ্যালয়ৰ কাম-কাজ চোৱা-চিতাৰ বাবে সকলোবোৰ দায়িত্ব এজনৰ ওপৰত জাপি নিদি আন-আন সহশিক্ষক-শিক্ষয়িত্ৰীৰ মাজত সুষমভাবে কৰ্মৰ ভাগ বিতৰণ কৰি দিব লাগে। এনে কৰোঁতে প্ৰত্যেক গৰাকী শিক্ষক বা শিক্ষয়িত্ৰীৰ কৰ্মদক্ষতা আৰু ৰুচিৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। যেনে- মোবাইল-কম্পিউটাৰ চলাব নজনা ব্যক্তিক সেইবোৰ কাম দিব নালাগে যিবোৰত সঘনাই মোবাইল বা কম্পিউটাৰৰ প্ৰয়োজন হয়। ঠিক খেলা-ধূলাৰ প্ৰতি ৰাপ নথকা বা শাৰীৰিকভাবে অসুস্থ শিক্ষকক খেলা-ধূলা দিশত নিয়োজিত নকৰাই ভাল। এই কৰ্মৰ ভাগ বটৰা কামটো প্ৰধান শিক্ষকজনে দুটা পদ্ধতিৰে কৰিব পাৰিব- প্ৰথমে, কাক কি দায়িত্ব দিয়া হ’ব বা দিলে ভাল হ’ব তাক সকলোৰে লগত আলোচনা কৰি আৰু দ্বিতীয়তে, শিক্ষকসকলৰ ৰুচি, আচৰণ আদি গোপনে নিৰীক্ষণ কৰি। তেখেতে দুয়োটা পদ্ধতি যুটীয়াভাবে প্ৰয়োগ কৰিও কৰ্মৰ ভাগ বটৰা কামটো কৰিব পাৰে।
কামত মূৰ পোলোকা মৰা শিক্ষকসকলৰ বিষয়টো প্ৰধান শিক্ষকে বিশেষভাবে ল’ব লাগিব। তেনে শিক্ষকসকলক দায়িত্ব এটা দি এৰি নিদি প্ৰধান শিক্ষকে নিজেই লগত থাকি কাম কৰিলে উপকৃত হ’ব। বহু শিক্ষক-শিক্ষয়িত্ৰী আছে যিসকলে ‘নাজানো-নাজানো’ বুলিয়েই কামৰ পৰা গা-এৰাই চলে। তেনে শিক্ষকক প্ৰধান শিক্ষকজনে নিজেই নতুবা অন্য শিক্ষকৰ দ্বাৰা ‘শিকাই দিয়াৰ’ ব্যৱস্থা কৰিব লাগে। তেতিয়া আৰু সেই আজুহাত দেখুৱাব নোৱাৰে। বৰ্তমান দেখা যায় বহু শিক্ষক-শিক্ষয়িত্ৰীয়ে কম্পিউটাৰ নাজানে বুলিয়েই তথ্য-প্ৰযুক্তিৰে যুক্ত কামৰ পৰা আঁতৰি ফুৰে। বিদ্যালয়সমূহৰ ই এটা ডাঙৰ সমস্যা। এনে সমস্যাৰ পৰা হাত সাৰিবলৈ কম্পিউটাৰ চলাব নজনা শিক্ষকসকলক বিদ্যালয়ৰ তৰফৰ পৰা কম্পিউটাৰ চলোৱাৰ ন্যূনতম শিক্ষাখিনি দিয়াৰ ব্যৱস্থা কৰিব পাৰে। এনে কৰিবলৈ বিদ্যালয়ৰ কম্পিউটাৰ জনা কোনো শিক্ষকক দায়িত্ব দিব পাৰে বা বাহিৰৰ কোনো সমল ব্যক্তিক আমন্ত্ৰণ জনাব পাৰে। প্ৰধান শিক্ষকজনেও যদি কম্পিউটাৰ চলাব নাজানে তেন্তে তেখেতো পলম নকৰি শিকি লোৱা উচিত। অন্যথা ই কোনো দিনে সমাধান নোহোৱা সমস্যা হৈয়ে ৰ’ব।
বিদ্যালয় এখনৰ চৌপাশৰ লগতে ইয়াৰ শ্ৰেণীকোঠা, প্ৰস্ৰাৱাগাৰ, কাৰ্যালয় আদি পৰিষ্কাৰ-পৰিচ্ছন্ন হোৱাতো নীতিগত কথা। কিন্তু দেখা যায় আমাৰ প্ৰায়বোৰ বিদ্যালয়ত শ্ৰেণীকোঠা, প্ৰস্ৰাৱাগাৰ, কাৰ্যালয় আদিৰ কদৰ্য ৰূপ। বহুদিনীয়া পূৰণি বিদ্যালয়গৃহৰ কথা বাদেই দিলোঁ, নতুন নতুন বিদ্যালয় বোৰতো দেখিছোঁ প্ৰস্ৰাৱাগাৰত সোমাব নোৱৰা অৱস্থা হৈ থকা। প্ৰধান শিক্ষকসকলক কাৰণ সুধিলে কয় পইচাৰ আভাবৰ বাবে পৰিষ্কাৰ কৰিব পৰা নাই ! কথাটো একেবাৰে নোহোৱাও নহয়। চৰকাৰী প্ৰাদেশিকৃত বিদ্যালয়্সমূহে বিদ্যালয়ৰ মেৰামতি আৰু সৌন্দৰ্য বৰ্দ্ধনৰ বাবে চৰকাৰৰ ফালৰ পৰা নিয়মিয়য়াকৈ সাহাৰ্য নাপায় বা পালেও কামৰ সময়ত নাপায়। শিক্ষাৰ্থীৰ ফালৰ পৰাও এপইচাও লোৱাৰ অধিকাৰ বিদ্যালয় কৰ্তৃপক্ষৰ নাই। তেনেস্থলত প্ৰধান শিক্ষকে পইচাৰ বাবে হাত পাতিব পৰা কেইটামান বিকল্প উৎস হৈছে- সহকাৰী শিক্ষকসকল নাইবা অভিভাৱকসকল নাইবা বিদ্যালয়ৰ চৌপাশৰ সমুদায় (Community), বা বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীসকল আদি। প্ৰধান শিক্ষকসকলে এই উৎসসমূহৰ সৈতে সভা পাতি আলোচনা কৰি সময়ে সময়ে বিদ্যালয়ৰ মেৰামতি আৰু সৌন্দৰ্য বৰ্দ্ধনৰ বাবে প্ৰয়োজনীয় ধনৰাশি নিশ্চয় যোগাৰ কৰিব পাৰে। আমি জনা উচিত, আমাৰ কি প্ৰয়োজন তাক আমাৰ মুখলৈ চাই আনে ধৰিব নোৱাৰে। আমি আমাৰ প্ৰয়োজনখিনি আনৰ আগত যথাযথভাবে ব্যক্ত কৰিলেহে পাবলৈ সক্ষম হ’ম। তাকে নকৰি যদি মনে মনে হাত সাবতি বহি থাকো বিদ্যালয়খনৰ দুৰৱস্থা দেখিয়েই অভিভাৱক-শিক্ষাৰ্থী দূৰতে বিদুৰ হ’ব। লেতেৰা কদৰ্যময় বিদ্যালয়ত কাম কৰিও ভাল নালাগিব। গুৰুত্বপূৰ্ণ কথাটো হ’ল, এইবোৰ কৰোঁতে প্ৰধান শিক্ষকসকলে সম্পূৰ্ণ পৰিকল্পিতভাৱে আগবাঢ়িব লাগে। অৰ্থাৎ বিদ্যালয়ৰ প্ৰস্তাৱিত কামৰ বাবে হ’বলগীয়া আনুমানিক খৰচৰ পৰিমাণ, হাতত থকা জমাধনৰ পৰিমান, বিভিন্ন উৎসৰ পৰা আহিব পৰা সাম্ভাব্য ধনৰ পৰিমাণ সকলোবোৰ লিখিতৰূপত এখন বাজেট প্ৰস্তুত কৰি ল’ব লাগে। কামখিনি হৈ উঠাৰ পাছত নিৰ্দিষ্ট দিনত পুনৰ সভা পাতি সংগ্ৰহিত ধন, জমা ধন, খৰচ আৰু ৰাহিৰ পৰিমাণ নিকাকৈ উপস্থাপন কৰিব লাগে। এনে কৰিলেহে বিদ্যালয়খনৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস অটুট থাকিব আৰু বিদ্যালয়খনো সুন্দৰকৈ সজাব পৰা যাব।
বিদ্যালয় এখন পা-পৰিষ্কাৰ আৰু সুন্দৰকৈ সজোৱাৰ লগত বিদ্যালয়খনৰ জীৱন কাল নিহিত হৈ আছে। গতিকে প্ৰধান শিক্ষকগৰাকীয়ে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ কাম কৰাতো সময়ৰ আহ্বান !