সমস্যা এটা সমাধান কৰিবলৈ প্ৰথমেই সমস্যাটো অনুভৱ আৰু উপলবব্ধি কৰিব পাৰিব লাগিব, আৰু তাৰ পাছত লাগিব সমস্যাটো সমাধানৰ সদিচ্ছা। এই আটাইকেইটা প্ৰাথমিক চৰ্ত পূৰণ হ’লেহে কোনো এজন ব্যক্তিয়ে সমস্যা এটা সমাধানৰ পথ অনুসন্ধান কৰিব বুলি আশা কৰিব পাৰি। অন্যথা নিচেই সাধাৰণ সমস্যা এটাও কাহানিও সমাধান নহয়।
-দিবাকৰ বৰদলৈ
সমস্যা এটা সমাধান কৰিবলৈ প্ৰথমেই সমস্যাটো অনুভৱ আৰু উপলবব্ধি কৰিব পাৰিব লাগিব, আৰু তাৰ পাছত লাগিব সমস্যাটো সমাধানৰ সদিচ্ছা। এই আটাইকেইটা প্ৰাথমিক চৰ্ত পূৰণ হ’লেহে কোনো এজন ব্যক্তিয়ে সমস্যা এটা সমাধানৰ পথ অনুসন্ধান কৰিব বুলি আশা কৰিব পাৰি। অন্যথা নিচেই সাধাৰণ সমস্যা এটাও কাহানিও সমাধান নহয়। দিল্লীৰ শিক্ষা মন্ত্ৰী শ্ৰী মণীষ ছিছ’দিয়াৰ গ্ৰন্থ ‘শিক্ষা- এজন শিক্ষা মন্ত্ৰী হিচাপে মোৰ অন্বেষণ’ (SHIKSHA – My Experiment as an Education Minister) পঢ়ি উঠি কথাবোৰ এনেদৰেই ভাবিবলৈ বাধ্য হৈছোঁ। কিয়নো, গ্ৰন্থখনৰ পৰা বুজিব পাৰিলোঁ, দিল্লী আৰু অসম দুয়োখন ৰাজ্যৰে চৰকাৰী বিদ্যালয়ৰ সমস্যাসমূহ একেই যদিও দিল্লীয়ে সেই সমস্যাসমূহ সমাধান কৰি ভাৰতৰ লগতে বিশ্বৰ বুকুত এক নতুন ‘শৈক্ষিক আৰ্হি’ ডাঙি ধৰিবলৈ সক্ষম হৈছে কিন্তু অসমৰ সমস্যাবোৰ সমস্যা হৈয়ে ৰৈছে। ঠিক ৰৈছে নহয়, অসমৰ চৰকাৰী বিদ্যালয়বোৰ ক্ৰমান্বয়ে বন্ধ হৈ গৈ আছে । সেয়ে চাগৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈয়ে দিছে, আৰু দহ বছৰৰ পিছত সকলো শিক্ষক-শিক্ষয়িত্ৰীয়েই কৰ্তব্যৰ পৰা স্বেচ্ছামূলক অৱসৰ ল’ব লাগিব বুলি।
নিজেই এজন শিক্ষক হিচাপে বিদ্যালয় এখনে ভুগি থকা সমস্যাসমূহ বাৰুকৈয়ে অনুভৱ কৰিছোঁ। সমস্যা অন্তহীন। ক’ৰবাত ছাত্ৰ-ছাত্ৰী নাই, ক’ৰবাত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নাই, ক’ৰবাত আকৌ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক আছে কিন্তু নাই শ্ৰেণীকোঠা বা শ্ৰেণী কোঠা থাকিলেও জৰাজীৰ্ণ ইত্যাদি ইত্যাদি। প্ৰায়বোৰ বিদ্যালয়তে পুথিভঁৰাল, পৰীক্ষাগাৰ, কম্পিউটাৰ ব্যৱস্থা, শিক্ষকৰ বাবে সমূহীয়া কোঠা, খেল-পথাৰ, স্বচ্ছ প্ৰস্ৰাৱাগাৰ, চলন্ত পানীৰ ব্যৱস্থা, আদিৰ দৰে অতি জৰুৰী আন্তঃগাঁথনিবোৰৰ অভাব।
বহু আশা আৰু উৎসাহ লৈ শিক্ষকতা সেৱাত জড়িত হৈছিলোঁ। সমাজত শিক্ষকৰ প্ৰতি থকা আদৰ-সাদৰ, শ্ৰদ্ধা আদি দেখিয়েই শিক্ষকতা সেৱাত জড়িত হ’বলৈ অভিৰুচিত হৈছিলোঁ। কিন্তু সময়ৰ গতিৰ লগে লগে সকলোবোৰ মিছা বুলি প্ৰমাণ হ’বলৈ ধৰিছে। উৎসাহবোৰ ক্ৰমাৎ স্তিমিত হ’বলৈ ধৰিছে। শিক্ষাৰ্থীক পাঠদান কৰিবলৈ যেতিয়া শ্ৰেণীকোঠাত এটা ভাল পৰিৱেশ নাপাওঁ, পাঠদানৰ পিছত বহি জিৰণি ল’বলৈ যেতিয়া এডোখৰ ভাল পৰিষ্কাৰ ঠাই নাপাওঁ, ভালপোৱা কিতাপ এখন পঢ়িবলৈ যেতিয়া এটা পুথিভঁৰাল বা এচুক নিৰিবিলি ঠাই নাপাওঁ তেতিয়া নিজকে বৰ অসহায় অনুভৱ হয়। ইফালে বিভাগীয় নীতি নিৰ্দেশনাবোৰে অনবৰতে পৰোক্ষভাবে বন্দী কৰিয়ে ৰাখে। বৃত্তি বুলি কলেই বৃত্তিধাৰীসকলৰ নিজাকৈ কাম কৰাৰ স্বতন্ত্ৰতা থাকে। সেই হিচাপে শিক্ষকসকলৰো পাঠদানৰ ক্ষেত্ৰত, নিৰ্দিষ্ট দিনবোৰ উদযাপনৰ ক্ষেত্ৰত বা কোনো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত স্বতন্ত্ৰতা থকা উচিত। কিন্তু ‘সময়-অসময়’ নিচিনি আহি থকা নিৰ্দেশনাবোৰে শিক্ষকতা বৃত্তিৰ থাকিবলগীয়া স্বতন্ত্ৰতাক অনায়াসে হৰি নি যি মানসিক শাস্তি দিয়ে সেয়া শিক্ষকসমাজেহে বুজি পায়। ইয়াত সময়-অসময় বুলি এই কাৰণে কৈছোঁ, কেতিয়াবা কেতিয়াবা যিকোনো নিৰ্দেশনা বা জাননী ৰাতি দহ-এঘাৰ বজাতো আহে। কিয়নো ৱাটছএপৰ যুগ ।
আকৌ কৈছোঁ, চৰকাৰী বিদ্যালয়ত আমি যিবোৰ সমস্যাৰে যুঁজি আছোঁ, দিল্লীৰ শিক্ষা ব্যৱস্থাতো সেই একেবোৰ সমাস্যাই আগুৰি আছিল। কিন্তু দিল্লীৰ শিক্ষা মন্ত্ৰীৰ সবল নেতৃত্বত বহু প্ৰত্যাহ্বান নেওচি এই সকলোবোৰ সমস্যাই সমাধান কৰিবলৈ সক্ষম হৈছে। তেখেতে মৰ্মে-মৰ্মে উপলব্ধি কৰিছিল চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলে ভুগি থকা সমস্যাবোৰৰ কথা। সেয়ে তেখেতে শিক্ষকসকলক শিক্ষা ব্যৱস্থাৰ চালক বুলি কৈ স্বীকাৰ কৰিছে - “I say this from my experience in government schools, that teachers are often turned into government workers who act as mere executors of policies. This is unfortunate”. চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলৰ কামৰ বোজা দেখি তেখেত মৰ্মাহত আৰু চিন্তিত। তেখেতৰ মতে চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকল কাৰো ‘দাস’ নহয়। সেয়ে তেখেতে দিল্লীৰ শিক্ষকসকলক কেৱল নিৰ্বাচন সম্বন্ধীয় কৰ্তব্যৰ বাহিৰে আন কোনো ধৰণৰ কাৰ্যত জড়িত নকৰাৰ সিদ্ধান্ত লৈছে। সাম্প্ৰতিক সময়ত চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলক যে সন্মানৰ চকুৰে চোৱা নহয়, শৈক্ষিক সম্বন্ধীয় কাম-কাজত পৰ্যাপ্ত স্বতন্ত্ৰতা দিয়া নহয় সেয়া অন্তঃকৰণেৰে স্বীকাৰ কৰি তেখেতে কৈছে- “The role of teachers is not limited to standing in front of a class and teaching from books written by other experts. Giving them the freedom to design the syllabus, compile support materials and certain other facilities is an important step to make teachers feel respected – which is not being done, especially in government schools. I am of the opinion that no matter how much money you spend, how beautiful your schools are, or how good your courses are, unless you show your teachers respect, and involve them in decision-making, no work on education is possible. The teacher is not a delivery person.” দুখৰ বিষয়, আমাৰ সমস্যাবোৰ যদি ওপৰ মহলাৰ কোনো বিষয়া বা মন্ত্ৰী-বিধায়কক কোৱা হয় কোনো পাতনি নেমেলাকৈয়ে চাকৰি এৰিবলৈয়ে ক’ব। কিন্তু সৌ ২০১৫ বৰ্ষত এজন শিক্ষামন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিয়েই মাননীয় মণীষ ছিছ’দিয়াই দিল্লীৰ শিক্ষা ব্যৱস্থাক যি মৌলিক গতি প্ৰদান কৰিলে সেয়া বৰ্তমান সময়ত সমগ্ৰ ভাৰতৰ আতাইটকৈ চৰ্চিত বিষয়।
সেয়ে “শিক্ষা” পঢ়ি উঠি মনত আশাৰ ৰেঙণি দেখিছোঁ – আমাৰ বিদ্যালয়সমূহৰ সমস্যাৰো সমাধান আছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় শিক্ষামন্ত্ৰী দুয়োগৰাকীয়ে উচ্চ শিক্ষিত, অধ্যয়নপুষ্ট আৰু বিচক্ষণ ব্যক্তি। তেখেতসকলে মাননীয় মণীষ ছিছ’দিয়াৰ এই গ্ৰন্থখনি নিশ্চয় নপঢ়াকৈ থকা নাই। বা দিল্লীৰ ‘শৈক্ষিক আৰ্হি’ৰ বিষয়ে নিশ্চয় তেখেতসকলৰ ভালকৈয়ে অৱগত । গতিকে গ্ৰন্থখনিৰ ভিতৰৰ কথাবোৰ নিলিখি মাথোঁ ক’ব খোজোঁ তেখেতসকলে যেন দলীয় আদৰ্শৰ উৰ্ধত থাকি অসমৰ বৃ্হত্তৰ স্বাৰ্থত দিল্লীৰ পদাংক অনুসৰণ কৰি আমাৰ বিদ্যালয়ৰ সমস্যাসমূহ সমাধান কৰাত পদক্ষেপ লয়।
কাৰ্যভাৰ লোৱাৰে দিন ধৰি মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মা চৰকাৰে প্ৰশাসনিক সংস্কাৰৰ জৰিয়তে কেইবাটাও বিভাগৰ বহুদিনীয়া জড়তা ভাঙিবলৈ সক্ষম হৈছে। শিক্ষা ব্যৱস্থাতো যথোপযুক্ত সংস্কাৰ আনিব পাৰিলে যুগান্তকাৰী কাৰ্য হিচাপেই পৰিগণিত হ’ব । কিয়নো চৰকাৰী বিদ্যালয়সমূহৰ ওপৰতেই নিৰ্ভৰ কৰিছে অসম আৰু অসমীয়াৰ ভৱিষ্যত। এই ক্ষেত্ৰত অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা মহোদয়কো আহ্বান কৰিছোঁ যাতে বৰ্তমান অসমৰ চৰকাৰী বিদ্যালয়ৰ সমস্যাসমূহ সমাধানৰ হকে বিভাগক বাস্তৱসন্মত পৰামৰ্শ আগবঢ়ায়। চৰকাৰে মন্ত্ৰী-বিধায়কৰ বাবে দিছপুৰত অত্যাধুনিক ব্যায়ামাগাৰ নিৰ্মাণ কৰিব পাৰিলে, নামঘৰ-মন্দিৰ নিৰ্মাণৰ বাবে লাখে লাখে টকা খৰচ কৰিব পাৰিলে, হকে-বিহকে বিভিন্ন জনকল্যাণকামী (?) আঁচনিৰ নামত কোটি কোটি টকা ব্যয় (অপব্যয় ?) কৰিব পাৰিলে বিদ্যালয়বোৰত সুন্দৰ পুথিভঁৰাল, প্ৰস্ৰাৱাগাৰ, শিক্ষকসকলৰ সমূহীয়া কোঠা নিৰ্মাণ কৰিব নোৱৰাৰ কোনো যুক্তি থাকিব নোৱাৰে।
আমি জানো, বিদ্যালয়ৰ সকলোবোৰ সমস্যা চৰকাৰ বা শিক্ষা বিভাগে অকলে সমাধান কৰিব নোৱাৰে। তাৰ বাবে বিদ্যালয়ৰে জড়িত সকলো অংশীদাৰৰে সমূহীয়া প্ৰচেষ্টাৰ প্ৰয়োজন হ’ব। কিন্তু সমস্যা সমাধানৰ গুৰি ব’ঠা চৰকাৰেই ধৰিব লাগিব। ঠিক দিল্লীৰ দৰে।
বি.দ্ৰঃ এই লেখাটি “আমাৰ অসম” কাকতত প্ৰকাশ হৈ গৈছে।