© দিবাকৰ বৰদলৈ
কি হৈছে আকাশত
ধৰাত বৰষিছে যন্ত্ৰণা !
পথৰ দাঁতিৰ অকলশৰীয়া
এজোপা গছে টুকিছে
ৰ’দৰ চকুলো
চোতালৰ ধুলিকণাবোৰে
পিয়াহত ঢপলিয়াব লাগিছে
অৰণ্যখনে মূক হৈ
জুৰিছে বিষাদ মন্ত্ৰ
অকণমান পানী বিচাৰি হাবাথুৰি খায়
এটি পখীয়ে
ছাতিটোৰ বাবে ছাঁ বিচাৰি হাহাকাৰ কৰোঁ মই
বাছখন অহাত অকণমান পলম হ’লেই
ছাটি-ফুটি কৰোঁ
আকাশলৈ চাওঁ
(কি হৈছে আকাশত ?)
আৰু বেলি নকৰি
সেউজীয়া কৰোঁ আহাঁ
আমাৰেই লালসাত লয় হোৱা
খাণ্ডব বন
সূৰ্যমুখী হাঁহিৰে মুখৰিত কৰোঁ আহাঁ
ক্ৰমে ছাঁই হ’বলৈ ধৰা
ধৰাৰ বদন ৷
Tags:
My Corner