এজন আদৰ্শ প্ৰধান শিক্ষকৰ কাৰ্য পদ্ধতি

© দিবাকৰ বৰদলৈ

দুবছৰৰ কাৰণে ডিব্ৰুগড়ৰ সূৰযমল জালান বালিকা শিক্ষা সদনত শিক্ষকতা কৰিবলৈ সুবিধা পাইছিলোঁ ৷ হিন্দী মাধ্যমৰ বিদ্যালয় ৷ বিদ্যালয়খনত ছাত্ৰীৰ অনুপাতে শিক্ষক নাছিল বাবে Attached Teacher হিচাপে মই পাঠদান কৰিছিলোঁ ৷

বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল মাননীয় শ্ৰীযুত নৱাল কিশোৰ সিং বাঘেল ৷ তেখেত এতিয়াও কৰ্মৰত ৷ দুবছৰ ছাৰৰ লগত কাম কৰি উপলব্ধি কৰিলোঁ, তেখেত এজন আদৰ্শ প্ৰধান শিক্ষক হ’বৰ যোগ্য ৷

প্ৰথম যোগদান কৰা দিনাই ছাৰে বিদ্যালয়ৰ সকলো সহকাৰী শিক্ষক-শিক্ষয়িত্ৰীকে মাতি চা-চিনাকী কৰোৱাই ফুলাম গামোচাৰে মোক আদৰণি জনাইছিল ৷ এই অভিজ্ঞতা মোৰ বাবে প্ৰথম আৰু নতুন আছিল ৷ কাৰণ তাৰ আগতে তিনিখনকৈ বিদ্যালয়ৰ ক’তো এনে অভিজ্ঞতা হোৱা নাছিল ৷ ইয়াৰ পৰৱৰ্তীকালত যিসকল শিক্ষয়িত্ৰী বিদ্যালয়ত নতুনকৈ যোগদান কৰিছিল সকলোকে মোৰ দৰেই আদৰণি জনোৱা দেখিলোঁ৷ আনকি মই বিদ্যালয় এৰাৰ সময়তো ছাৰে মোক বাছলৈকে আগবঢ়াই দিছিল ৷




বিদ্যালয়ৰ প্ৰধান শিক্ষকজন সদায়ে সকলোতকৈ প্ৰথমে বিদ্যালয়ত উপস্থিত হৈ সকলোতকৈ শেষতহে বিদ্যালয় এৰিব লাগে বুলি মই ভাবোঁ ৷ আৰু বিদ্যালয়ৰ প্ৰাত:সভাৰ পৰা ছুটীৰ মাজৰ সমগ্ৰ সময়খিনিত বিদ্যালয়ৰ সকলো কাৰ্যকলাপ চোৱাচিতা কৰাটোও প্ৰধান শিক্ষকজনে নিয়মীয়াকৈ কৰা উচিত ৷ এই ক্ষেত্ৰত ছাৰ সিদ্ধহস্ত ৷ সেই কাৰণে কোনো শিক্ষক-শিক্ষয়িত্ৰীয়েই কৰ্তব্যত অবহেলা কৰাৰ সুবিধা নাপায় ৷

প্ৰধান শিক্ষকৰ নেতৃত্ব দিব পৰা গুণটো বৰ জৰুৰী৷ বাঘেল ছাৰৰ আছিল ৷ কোনজন শিক্ষকক ক’ত, কেতিয়া কামত লগাব লাগে ছাৰে ভালকৈ জানিছিল৷ যিকোনো সমূহীয়া বিষয়ত কিবা সিদ্ধান্ত ল’ব লগা হ’লে সকলোকে একগোট কৰাই সকলোৰে মতামত বা পৰামৰ্শ লৈহে শেষ সিদ্ধান্তত উপনীত হয় ৷ ছাৰে কেতিয়াও নিজৰ মতত আঁকোৰগোজ নহৈছিল ৷ দলীয় কাৰ্যত সফল হ’বলৈ হলে প্ৰত্যেককে গুৰুত্ব দিবই লাগিব ৷ সেই ফালৰ পৰা ছাৰ এজন ভাল নেতা ৷ সেয়ে হয়তো বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বেছ উন্নত ৷

সমূহীয়া লক্ষ্যত উপনীত হ’বলৈ হ’লে কামৰ ভাগবাটোৱাৰা (division of labour) কৰিবই লাগিব ৷ দক্ষতা আৰু ৰুচি অনুসৰি ছাৰে শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত কামবোৰ ভগাই দিছিল আৰু নিৰ্দিষ্ট দিনৰ মূৰে মূৰে তাৰ খতিয়ান লৈছিল ৷ ছাৰৰ আৰু এটা কথা ভাল লাগিছিল, ছাৰে কৰিবলৈ দিয়া কামটোৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰী বিচৰা মাত্ৰকে যোগান ধৰিছিল ৷

বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ কোনোবা নহয় কোনোবা প্ৰায়ে প্ৰশিক্ষণলৈ যাবলগা হৈ থাকে৷ প্ৰায়বোৰ বিদ্যালয়তে দেখোঁ প্ৰশিক্ষণৰ পাছত প্ৰশিক্ষণ গ্ৰহণ কৰা শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীয়ে আহি কি কি প্ৰশিক্ষণ গ্ৰহণ কৰিলে তাৰ বিষয়ে নিজাববীয়াকৈ ক’লে ক’ব, নকলে নাই ; কোনেও বিচাৰ নকৰে ৷ কিন্তু বাঘেল ছাৰে প্ৰশিক্ষণৰ পিছদিনাই নিজৰ কাৰ্যালয়লৈ সকলোকে মাতি প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকজনৰ পৰা কথাবোৰ শুনিবলৈ কয়৷ এই কাৰ্যটো মই বিশেষভাবে ভাল পালোঁ ৷

ছাৰৰ আন এটা গুণ মোৰ ভাল লাগে - ছাৰে সকলোকে বিশ্বাসত লয় ৷ বিশ্বাসত লৈ কাম এটা দিলে কৰি ভাল লাগে ৷ মই যদিও এই বিদ্যালয়ৰ নিয়মীয়া শিক্ষক নাছিলোঁ তথাপিও মোক সম্পূৰ্ণ বিশ্বাসত লৈ ন’ডেল শিক্ষকৰ দায়িত্বও অৰ্পণ কৰিছিল ৷ বিদ্যালয়ৰ বহু তথ্য মোক বিনাদ্বিধাই জানিবলৈ দিছিল ৷ মই বিদ্যালয় এৰাৰ পিছতে যিগৰাকী শিক্ষয়িত্ৰীক ন’ডেল শিক্ষকৰ দায়িত্ব দিছিল তেওঁও Attached teacher হিচাপে কাম কৰি আছে৷ আনক বিশ্বাসত ল’ব পৰাটো ডাঙৰ গুণ ৷

আৰু এটা ইতিবাচক দিশ হ’ল ছাৰে আজ্ঞা বা আদেশ দিয়েই দায়িত্ব শেষ নকৰে ৷ যাক আদেশ দিয়ে তেওঁৰ লগত লাগি-ভাগিও দিয়ে ৷ সেয়ে কামবোৰ সময়মতে হয় ৷ বহু প্ৰধান শিক্ষক আছে যিসকলে কেৱল আদেশ দিব জানে ৷

বিদ্যালয় এখন সুচাৰুৰূপে চলাই নিবলৈ ন্যূনতম এইখিনি গুণ সকলো প্ৰধান শিক্ষকৰে থকাতো দৰকাৰ ৷ সেয়ে ছাৰ আদৰ্শ প্ৰধান শিক্ষক হ’বৰ যোগ্য ৷ বাকী তেখেতৰো কিছু নেতিবাচক দিশ আছে ৷ কোনো মানুহ সম্পূৰ্ণ শুদ্ধ নহয় ৷ হ’ব নোৱাৰে ৷ হ’লেও আপেক্ষিক ৷


Post a Comment

Previous Post Next Post