কষ্টৰ উপাৰ্জন

© দিবাকৰ বৰদলৈ

কেইদিনমানৰ পৰা স্কুলত পঢ়া পাঠ এটি বৰকে মনলৈ আহি আছে। পাঠটি হিন্দী বিষয়ৰ পাঠ্যপুথিত পঢ়িছিলোঁ। পাঠৰ কাহিনীভাগ এনেধৰণৰ – “এখন চহৰত এজন চহকী ব্যৱসায়ী আছিল। তেওঁ লাহে লাহে বুঢ়া হৈ অহাত ব্যৱসায়ৰ দায়িত্ব পুতেকৰ হাতত গটাবলৈ ইচ্ছা কৰিলে। কিন্তু পুতেকজন আছিল এলেহুৱা, অকাজী আৰু আৰামপ্ৰিয়। তাকে লৈ তেওঁ চিন্তিত হ’ল।

এদিন পুৱা তেওঁ এলেহুৱা আৰু আৰামপ্ৰিয় পুতেকক কাষলৈ মাতি ক’লে, “বাবা, যোৱাচোন আজি টকা-পইচা অলপ যোগাৰ কৰি আনা। নহ’লে ৰাতিলৈ খোৱা-বোৱা একো নহ’ব”। সি চিধাই মাকৰ কাষলৈ গ’ল আৰু দেউতাকৰ নিৰ্দেশৰ কথা কৈ কান্দিবলৈ ধৰিলে। ল’ৰাৰ চকুত চকুপানী দেখি মমতাময়ী মাকৰ হৃদয় বিষাদেৰে ভৰি পৰিল আৰু বাকচৰ পৰা এটকীয়া মুদ্ৰা এটা উলিয়াই তাৰ হাতত দিলে। ৰাতি দেউতাকে পুতেকক কাষলৈ মাতি কিমান টকা উপাৰ্জন কৰি আনিলে সুধিলত পুতেকে পকেটৰ পৰা এটকীয়া মুদ্ৰাটো উলিয়াই দেউতাকৰ আগত দাঙি ধৰিলে। লগে লগে দেউতাকে তাক সেইটো ঘৰৰ কুঁৱাটোত পেলাই দিবলৈ আদেশ দিলে। পুতেকেও অকণো পলম নকৰি এটকীয়া মুদ্ৰাটো কুঁৱাত পেলাই থৈ আহিল।

দেউতাকে বুজি পাইছিল যে ল’ৰাটোৱে কুঁৱাত পেলাই দিয়া মুদ্ৰাটো তাৰ নিজা উপাৰ্জন নহয়। সেইটো তাক তাৰ মাকে দিয়া। সেয়ে তেওঁ পত্নীক পিছদিনাই মাকৰ ঘৰলৈ পঠিয়াই দিলে।




তাৰ পৰৱৰ্তী দিনা দেউতাকে পুনৰ পুতেকক কাষলৈ মাতি আগৰ দৰেই কৈ টকা-পইচা অলপ উপাৰ্জন কৰি আনিবলৈ ক’লে। যিহেতু মাক ঘৰত নাই, এইবাৰ সি বায়েকৰ কাষলৈ গৈ কান্দিবলৈ ধৰিলে। বিবাহিতা বায়েক মাক-দেউতাকৰ ঘৰত কেইদিনমান থকাকৈ আহিছিল। বায়েকেও ভাইকৰ দুখ দেখি তাইৰ প্ৰসাধন সামগ্ৰী ৰখা বাকচটোৰ পৰা এটকীয়া মুদ্ৰা এটা উলিয়াই ভাইকক দিলে। ৰাতিলৈ দেউতাকে পুতেকক মাতিলে আৰু কিমান টকা উপাৰ্জন কৰিলে সুধিলে। পুতেকেও বায়েকৰ পৰা পোৱা এটকাটো দেউতাকক দেখুৱাই দিলে। এইবাৰো সেই টকাটো কুঁৱাত পেলাই দিবলৈ পুতেকক আদেশ কৰিলে। আদেশ পোৱা মাত্ৰেই পুতেকে কুঁৱাত এটকাটো পেলাই দি আহিল। দেউতাকে সকলো বুজি পাই জীয়েককো পিছদিনাই শহুৰেকৰ ঘৰলৈ পঠিয়াই দিলে।

তাৰ পিছত আন এদিনৰ কথা। সেইদিনা ঘৰত মাক, বায়েক কোনো নাছিল। আগৰ কেইবাৰৰ দৰে দেউতাকে পুতেকক কাষলৈ মাতিলে আৰু ৰাতিৰ সাজৰ কাৰণে দুপইচা উপাৰ্জন কৰি আনিবলৈ ক’লে। সেইদিনা সি মহা সংকটত পৰিল। গোটেই দিন সিদিনা সি দুখত ম্ৰিয়মান। কিন্তু তাৰ দুখ বুজি পাবলৈ যে ঘৰত কোনোৱেই নাছিল। অৱশেষত উপায়ন্তৰ নাপাই সন্ধিয়া সময়ত কামৰ সন্ধানত বজাৰৰ ফালে ওলাই গ’ল। বজাৰত কাম বিচাৰি বিচাৰি এজন মহাজনৰ ওচৰ পালেগৈ। মহাজনে তাক তেওঁৰ বাকচ এটা উঠাই ঘৰলৈ কঢ়িয়াবলৈ ক’লে আৰু তাৰ বিনিময়ত দুঅনা দিব বুলিও ক’লে। আৰামপ্ৰিয় দুৰ্বল ল’ৰাটোৱে বাকচটো কান্ধত উঠাই মহাজনৰ ঘৰলৈ লৈ গ’ল আৰু দুঅনা উপাৰ্জন কৰিলে। কিন্তু বাকচটো কঢ়িয়াওতে সি বৰ কষ্ট পাইছিল। হাত-ভৰি কঁপিছিল আৰু কান্ধত বিষ হৈছিল। গোটেই শৰীৰটো তাৰ ঘামেৰে জুৰুলি-জুপুৰি হৈছিল।

ৰাতি দেউতাকে তাক কাষলৈ মাতি সেইদিনা কিমান পইচা উপাৰ্জন কৰি আনিলে সুধিলে। পুতেকে পকেটৰ পৰা দুঅনাটো উলিয়াই দেউতাকক দেখুৱালে। দেউতাকে সেই দুঅনা কুঁৱাত পেলাই থৈ আহিবলৈ আদেশ দিলে। দেউতাকৰ আদেশ শুনিয়েই সি এইবাৰ খঙত গুজৰি উঠিল। সি চিঞৰি চিঞৰি ক’লে, “বোজা কঢ়িয়াওতে মোৰ কান্ধ ভাঙি যাওঁ যাওঁ কৰিছে, আৰু আপুনি মোৰ কষ্টৰ উপাৰ্জনক কুঁৱাত পেলাই দিবলৈ কৈছে!” লগে লগে দেউতাকে ধৰিব পাৰিলে যে পুতেকে নিজৰ কষ্টৰ উপাৰ্জনৰ মূল্য উপলব্ধি কৰিব পৰা হৈছে আৰু সেয়ে পিছদিনাই তেওঁ তেওঁৰ বেপাৰ বাণিজ্যৰ দায়িত্ব পুতেকৰ হাতত অৰ্পন কৰিলে।”

কাহিনীটো ইমানেই। কাহিনীটোৰ হিন্দী শিৰোনাম ‘অপনি কমাই’ । মই নিজাকৈ শিৰোনাম দিছোঁ ‘কষ্টৰ উপাৰ্জন’ বুলি। কষ্টৰে উপাৰ্জন কৰোঁতাইহে বুজে সাধাৰণ এটকা এটাও কিমান মূল্যৱান। আৰু সেই উপাৰ্জন কোনোবাই অবাবত নষ্ট কৰিব, ই কেনেকুৱা কথা ? কিন্তু আমাৰ অসম চৰকাৰখনে যে তাকেই কৰি আছে ! এই কাহিনীটো এই কাৰণেই উল্লেখ কৰিলোঁ, বৰ্তমান অসম চৰকাৰৰ কিছু কাৰ্যকলাপ যেন ইয়াৰ লগত মিল আছে। চৰকাৰখনে নিজৰ উপাৰ্জনৰ অবিহনেই হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈ, ৰাইজৰ পৰা মাত্ৰাধিক কৰ সংগ্ৰহ কৰি একমাত্ৰ ভোট আৰু ক্ষমতাৰ লোভত যধে-মধে অদৰকাৰী কিছুমান আঁচনিৰ জৰিয়তে লাখ-লাখ হিতাধিকাৰী সৃষ্টি কৰি যিটো হাৰত টকা-পইচাবোৰ বিলাই আছে, মই ভাবোঁ পইচাবোৰ কুঁৱাত পেলাই দিয়াৰ দৰেই কথা। চৰকাৰে ‘কষ্টৰ উপাৰ্জন’ৰ মূল বুজিবৰ সময় হ’ল। অন্যথা অসমক ভাৰতৰ উন্নত পাঁচখন ৰাজ্যৰ ভিতৰত বিচৰটো পৰ্বতত কাছকণী বিচৰাৰ বাহিৰে একো নহ’ব। ইতিমধ্যেই অসমত এচাম অকৰ্মণ্য, এলেহুৱা আৰু শ্ৰম বিমুখ মানুহৰ সৃষ্টি হৈছেই।


Post a Comment

Previous Post Next Post