-দিবাকৰ বৰদলৈ
অসমৰ বহুসংখ্যক বিদ্যালয়ত স্থায়ী প্ৰধান শিক্ষক নাই। বিশেষকৈ প্ৰাথমিক বিদ্যালয়সমূহ বছৰ বছৰ ধৰি প্ৰধান শিক্ষক পদৰ অবিহনেই চলি আছে। সেয়ে যিসমূহ বিদ্যালয়ত স্থায়ী প্ৰধান শিক্ষক নাই বা প্ৰধান শিক্ষকৰ পদ নাই সেই সমূহ বিদ্যালয়ত স্থায়ী প্ৰধান শিক্ষক (পদ সৃষ্টি কৰি) নিযুক্তি দিবলৈ শিক্ষক সমাজৰ পৰা তুমুল দাবী উত্থাপন হৈ আছে। ইয়াকৈ লৈ শিক্ষক সমাজ আৰু শিক্ষামন্ত্ৰীৰ মাজত সংঘাতো সৃষ্টি হৈছে। ফলস্বৰূপে বিশেষকৈ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে বিদ্যালয় পৰিচালনাৰ বাবে চৰকাৰে যোগান ধৰা ‘টেবলেট’ পৰ্যন্ত চৰকাৰক ঘূৰাই দিয়াৰ লগতে শিক্ষাসেতু পৰ্টেলত প্ৰফাইল আপদেইটত অসহযোগৰ দৰে কাৰ্যপন্থাও হাতত লৈছে।
সকলো দল, সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানতে এজন গুৰিয়াল থাকে। তেওঁ হ’ব পাৰে অধিনায়ক, সভাপতি অথবা প্ৰধান অথবা অধ্যক্ষ। গুৰিয়ালজনৰ অবিহনে দল, সংগঠন বা অনুষ্ঠান-প্ৰতিষ্ঠান কোনোটোৱেই সুকলমে পৰিচালিত নহয়। সুকলমে পৰিচালিত হোৱাটো দূৰৰে কথা, তেনেবোৰ দল, সংগঠন বা অনুষ্ঠান-প্ৰতিষ্ঠানত অৰাজক সৃষ্টি হ’ব। এইবোৰ সকলোৱে জনা কথা। দেশৰ প্ৰধানমন্ত্ৰীজন বা ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰো প্ৰয়োজন তাতেই। দেশ বা ৰাজ্যখনৰ আইন-শৃংখলা যাতে ব্যাহত নহয়। সেয়ে দেশৰ প্ৰধানমন্ত্ৰীজন বা ৰাজ্যৰ মুখ্যমন্ত্ৰীজন বাচনি কৰোঁতে ৰাজনৈতিক দলবোৰৰ মাজত বহু চিন্তা চৰ্চা হোৱা দেখা যায়। বহু আলোচনা বিলোচনাৰ অন্তত দলপতি বা অধিনায়ক এজন বাচনি কৰাৰ পাছতহে খেলুৱৈৰ দল এটাক খেলপথাৰত নামিবলৈ দিয়া হয়। তেনেস্থলত বিদ্যালয়ৰ দৰে গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহ প্ৰধান শিক্ষক নোহোৱাকৈ চলি থকাটো অতি পৰিতাপৰ কথা। কাৰণ শিক্ষানুষ্ঠান এখনত অৰাজক হোৱা মানে শিক্ষাৰ মানো অবনমিত হোৱা।
স্থায়ী প্ৰধান শিক্ষক নিযুক্তিৰ দাবীত শিক্ষক সকলে চৰকাৰৰ স’তে কৰা অসহযোগ কিমান যুক্তিসংগত সেয়া সময়ে ক’ব। ব্যক্তিগতভাবে মই এই কাৰ্য মানিব পৰা নাই। কাৰণ এই কাৰ্যই শৈক্ষিক পৰিবেশত নেতিবাচক প্ৰভাব পেলাব আৰু তাৰ লগে লগে সমাজৰ চকুত শিক্ষকসকলৰ মৰ্যাদাও নিম্নগামী হ’ব। এতিয়া আহোঁ অন্য কিছু প্ৰসংগলৈ। আমাৰ ফালৰ পৰাও চৰকাৰক দাবী জনাইছোঁ যাতে যিসমূহ বিদ্যালয়ত স্থায়ী প্ৰধান শিক্ষক নাই সেই সকলোবোৰ বিদ্যালয়তে চৰকাৰে অতি শীঘ্ৰে স্থায়ী প্ৰধান শিক্ষক নিযুক্তি দিয়ে। আৰু যি সকলে প্ৰধান শিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিব তেওঁলোককো সম্পূৰ্ণ দায়বদ্ধতা আৰু দায়িত্বশীলভাবে তেওঁলোকৰ কৰ্তব্য পালন কৰিবলৈ আহ্বান জনালোঁ। এই যে প্ৰধান শিক্ষকসলক দায়বদ্ধতা আৰু দায়িত্বশীলভাবে কৰ্তব্য সম্পাদন কৰাৰ কথা কলোঁ, কিয় কলোঁ ? ইয়াৰ আঁৰত কেইবাটাও কথা আছে।
প্ৰথম, এচাম অতি ক্ষমতালোভী মানুহ আছে । তেওঁলোকে ক্ষমতা পালে আগৰ স্থিতি পাহৰি ক্ষমতাৰ অপব্যৱহাৰ কৰাত লাগি যায়। তেনেকুৱা কোনো মানুহে যদি প্ৰধান শিক্ষকৰ দৰে পদত নিযুক্ত হয় তেওঁলোকৰ পৰা বিদ্যালয়ৰ একো উপকাৰ নহয়। বৰঞ্চ অপকাৰহে হয়। প্ৰধান শিক্ষক হোৱাৰ পিছত তেনে লোকে নিজকে আমোলা বিষয়া বুলি ভাবিবলৈ ধৰে আৰু বিদ্যালয়ত সহকাৰী শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগত এটা superior-subordinate ব্যৱধান বৰ্তাই ৰাখিবলৈ চেষ্টা কৰে। ফলস্বৰূপে, প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষকৰ মাজত সংঘাতৰ সৃষ্টি হয় আৰু তাৰ বিৰূপ প্ৰভাব ছাত্ৰ-ছাত্ৰীৰ ওপৰত পৰে। আমাৰ কথা হ’ল ক্ষমতাৰ কাৰণে প্ৰধান শিক্ষকৰ পদটো নহয়। বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ উন্নতিৰ লক্ষ্য থকা সকলেহে প্ৰধান শিক্ষকলৈ মন মেলিব লাগে।
দ্বিতীয়, আৰু এচাম মানুহ আছে যিসকলে কিছুমান সুবিধা আদায় কৰিবলৈ প্ৰধান শিক্ষক হ’বলৈ বিচাৰি থাকে। তেওঁলোকে প্ৰধান শিক্ষকৰ আসনত বহিলেই কিছুমান ‘বিশেষাধিকাৰ’ পোৱা যেন পায় আৰু নিজ ইচ্ছামতে বিদ্যালয়লৈ আহে, নিজ ইচ্ছামতে বিদ্যালয়ৰ পৰা গুচি যায়। এনে প্ৰধান শিক্ষকো দেখিছোঁ যি পুৱা ন বজাত বিদ্যালয় খুলি থৈ দিনটো খেতিৰ পথাৰত (বা চাহ বাগিচাত) কাম কৰি থাকে আৰু বিদ্যালয় ছুটীৰ আগে আগে বিদ্যালয়ত আহি উপস্থিত হয়হি। কোনো কোনোৱে আকৌ ‘অফিচৰ কাম’ বুলি ঘৰুৱা লেঠা মাৰি মাৰিয়ে বিদ্যালয় চলাই থাকে। এই মনোবৃত্তিৰে যদি কোনো ব্যক্তি প্ৰধান শিক্ষক হ’বলৈ ৰৈ আছে তেওঁলোকক অনুৰোধ কৰিছোঁ তেওঁলোকে যাতে সেই মনোবৃত্তি ত্যাগ কৰে।
তৃতীয়, এচামে আকৌ আনৰ ভাৰসাত প্ৰধান শিক্ষক হয়। বিশেষকৈ একাংশ মহিলা শিক্ষয়িত্ৰী। তেওঁলোকৰ প্ৰধান শিক্ষক হোৱাৰ মন বা আত্মবিশ্বাসটো নাথাকিলেও মূলতঃ তেওঁলোকৰ পতিসকলৰ সাহসত প্ৰধান শিক্ষক হ’বলৈ আগবাঢ়ে । মূলতঃ যিসকল শিক্ষয়িত্ৰীৰ পতিসকল কোনো বিদ্যালয়ৰ প্ৰধান শিক্ষক বা সহকাৰী শিক্ষক, তেওঁলোকৰ কথা কৈছোঁ। কথাটো এনেকুৱা, পত্নীগৰাকী প্ৰধানশিক্ষয়িত্ৰী হবলৈ ইচ্ছা নাথাকিলেও পতিসকলে যোৰ আৰু আশ্বাস দি্য়ে যে তাই প্ৰধানশিক্ষয়িত্ৰী হওক, বাকীবোৰ তেওঁ চম্ভালিব। কালক্ৰমত স্বামীদেৱতাৰ ইচ্ছা-অনিচ্ছাৰ ভিত্তিত তেখেতৰ বিদ্যালয় চলে। গতিকে নিজৰ ওপৰত বিশ্বাস নাথাকিলে মহিলাসকলে প্ৰধান শিক্ষকৰ দৰে গুৰুত্বপূৰ্ণ আসনত নবহাই ভাল।
জন ডিউইৰ ভাষাত বিদ্যালয়খন বৃহত্তৰ সমাজৰ ক্ষুদ্ৰ সংস্কৰণ। গতিকে প্ৰধান শিক্ষকগৰাকীৰ দায়িত্ব গধুৰ। এই কথা তেওঁ প্ৰথমেই উপলব্ধি কৰা উচিত। ঠিক একে সময়তে এইটোও বুজা উচিত যে প্ৰধান শিক্ষকতা কোনো বিলাসিতা নহয়। ই এক সামাজিক দায়বদ্ধতা। সেই দায়বদ্ধতা যদি সঠিকৰূপে পালন কৰিব পৰা নাযায় তেন্তে সমাজে অপূৰণীয় ক্ষতিৰ সন্মুখিন হ’ব আৰু তাৰ বাবে দোষী সাব্যস্ত হ’ব সমগ্ৰ শিক্ষক সমাজ। প্ৰধান শিক্ষকৰ আসনত বহাৰ আগতেই প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে শিক্ষকতা বৃত্তিৰ নীতিসমূহ মনত পেলোৱা উচিত। তেওঁলোকে মনত ৰখা উচিত প্ৰধান শিক্ষক মানে কোনো আমোলা বা মন্ত্ৰী-বিধায়ক নহয়। তেওঁলোক কোনো কেৰাণী বা ঠিকাদাৰ নহয়। তেওঁলোক শিক্ষক। শিক্ষক মানে ভৱিষ্যতৰ সমাজ নিৰ্মাতা। শিক্ষক মানে দেশৰ ভৱিষ্যত নিৰ্মাতা। মনত ৰখা উচিত, প্ৰধান শিক্ষকজন First among the equals অৰ্থাৎ সমপৰ্যায়ৰ শিক্ষকসকলৰ প্ৰথমজন। অৰ্থাৎ প্ৰধান শিক্ষকজন ‘মালিক’ নহয় আৰু সহকাৰী শিক্ষক-শিক্ষয়িত্ৰীসকল তেওঁৰ কৰ্মচাৰী নহয়। তেওঁ এজন নেতা অথবা দলপতি যাক সহকাৰী শিক্ষকসকলে অনুসৰণ কৰে। শিক্ষাৰ মূল লক্ষ্যত উপনীত হ’ব পৰাকৈ সহকাৰী শিক্ষকসকলক প্ৰস্তুত কৰি লোৱা দায়িত্ব বিদ্যালয়ৰ প্ৰধান শিক্ষকজনৰ। প্ৰধান শিক্ষকজনেই যদি কৰ্তব্যত গাফিলতি কৰে তেন্তে বাকীসকলেও গাফিলতি কৰাটো তেনেই সাধাৰণ কথা। সেয়ে শেষত কওঁ চৰকাৰৰ লগতে আপুনিও নিজৰ দায়িত্ব পালন কৰক। নিজকে এজন দায়বদ্ধ আৰু দায়িত্বশীল প্ৰধান শিক্ষক হিচাপে গঢ়ি তোলক। আমি সকলোৱে মনত ৰখা উচিত- ‘কৰ্তৃত্বহীন দায়বদ্ধতা অৰ্থহীন, আৰু দায়বদ্ধতাহীন কৰ্তৃত্ব ভয়ানক’ ।
(বি.দ্ৰ.- এই লেখাটো অসম চৰকাৰে কিছু চৰ্তৰ ভিত্তিত প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষক নিযুক্তিৰ সিদ্ধান্ত লোৱাৰ আগতেই লিখি ফেইচবুকৰ ‘অসমীয়াত কথা-বতৰা’ নামৰ গোটটিত প্ৰকাশ কৰিছিলোঁ।)