কোনে কি পাব লাগে আৰু কিয় পাব লাগে ?

-দিবাকৰ বৰদলৈ


১৪ অক্টোবৰ ২০২৩ তাৰিখৰ “আমাৰ অসম” কাকতৰ ‘পুনৰ হাজাৰ কোটিৰ ঋণ, শিক্ষকক দিব স্কুটী’ শীৰ্ষক বাতৰিটোত প্ৰকাশ পোৱা অনুসৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দূৰণীবটীয়া প্ৰায় ৫০,০০০-১,০০,০০০ শিক্ষক-শিক্ষয়িত্ৰীক বিনামূলীয়া স্কুটী প্ৰদান কৰিব। মাননীয় মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ মতে দূৰণীবটীয়া শিক্ষক-শিক্ষয়িত্ৰী সকলে যাতে সময়মতে বিদ্যালয়ত উপস্থিত হৈ পাঠদান কাৰ্য সুকলমে কৰিব পাৰে তাৰ বাবে তেওঁলোকক একোখনকৈ স্কুটী দিয়াতো প্ৰয়োজন। এষাৰ কথা আছে – ‘শকতি চাইহে ভকতি কৰিব লাগে’। কিন্তু বৰ্তমান অসম চৰকাৰ দেখোন ধাৰত পোত গৈ আছে ! সেই একেই বাতৰি অনুসৰি- “. .. .. .এই ১০০০ কোটি টকাৰ ঋণ লোৱাৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাত্ৰ দুবছৰ পাঁচমহীয়া কাৰ্যকালত চৰকাৰৰ ঋণৰ পৰিমাণ ৫০ হাজাৰ ৫০০ কোটি টকালৈ বৃদ্ধি পাব। এক কথাত অসমৰ সৰ্বমুঠ ঋণৰ পৰিমাণ ডেৰ লাখ কোটি টকাৰ অতিক্ৰম কৰিব।” তেন্তে কি সাহসত তেখেতে এনে মৰসাহ কৰিছে ? নে অসমত কোনো সমস্যাই নোহোৱা হৈ গ’ল ?

সেৱা আৰু সামগ্ৰী বিতৰণ ন্যায়সন্মত হ’ব লাগে। ন্যায়সন্মতভাৱে সেৱা আৰু সামগ্ৰী বিতৰণ কৰিবলৈ তিনিটা দিশ লক্ষ্য কৰা হয় আৰু সেইকেইটা হ’ল – যোগ্যতা (Desert/deserve), প্ৰতিভা (merit) আৰু প্ৰয়োজন (need) । প্ৰথমে, ‘যোগ্যতা’ই বুজায় কোনে কি পোৱাৰ যোগ্য। ইয়াৰ অন্তৰ্নিহিত অৰ্থ হ’ল, ভাল কাম কৰিলে পুৰস্কাৰ আৰু অপৰাধ কৰিলে দণ্ড। শিক্ষকসকলে এনে কি ভাল কাম কৰিলে যে মুখ্যমন্ত্ৰীয়ে স্কুটী দিব বুলি কৈ দিলে? সুবিধা পালেই দেখোন চৰকাৰে শিক্ষকসকলক ঠাট্টা-মস্কৰা কৰিবলৈ কুণ্ঠাবোধ নকৰে! আকৌ, ‘শিক্ষা সেতু’ৰ দৰে এপৰ ব্যৱহাৰ বাধ্যতামূলক কৰি শিক্ষকসকল যে আস্থা আৰু বিশ্বাসৰ পাত্ৰ নহয় তাকে প্ৰমাণ কৰিব খোজা নাই জানো ?

দ্বিতীয়তে, ‘প্ৰতিভা’, অৰ্থাৎ প্ৰতিভাধৰ সকলক পুৰস্কৃত কৰাটো ন্যায়সন্মত কাৰ্য। কথা হ’ল চাকৰিত নিযুক্তি অথবা কোনো শিক্ষানুষ্ঠানত নাম ভৰ্ত্তিৰ দৰে প্ৰতিযোগিতা থকা ক্ষেত্ৰতহে প্ৰতিভাৰ কথা আহে। যেতিয়া পদ বা আসনৰ তুলনাত প্ৰাৰ্থীৰ সংখ্যা অধিক হয়, অথবা সেৱা আৰু সামগ্ৰীৰ তুলনাত দাবীদাৰ অধিক হয় তেতিয়া ‘প্ৰতিভা’ ন্যায় প্ৰতিষ্ঠাৰ এক মাপকাঠি হৈ পৰে। সেইফালৰ পৰা শিক্ষক-শিক্ষয়িত্ৰীক স্কুটী প্ৰদান কৰাৰ লগত প্ৰতিভাৰ কোনো সম্পৰ্ক নাই।

তৃতীয় চৰ্তটো হ’ল ‘প্ৰয়োজন’। ইয়াত দুটা কথা থাকে- প্ৰথমতে, যাৰ যি প্ৰয়োজন সেইটোহে দিয়া উচিত আৰু সেইটো দিলেহে ন্যায় কৰা বুজাব। পিয়াহত পানী নিদি অন্য শুকান বস্তু খাবলৈ দিলে পিয়াহ গুচাৰ দূৰৰে কথা, আৰু অধিক পিয়াহহে লাগিব। আৰু আনটো, যাৰ যি প্ৰয়োজন, সেইটো যদি তেওঁ নিজেই গোটাই লোৱাৰ সামৰ্থ্য আছে তেন্তে তেওঁক সেইটো দিবৰ সকাম নাই। আমাৰ বোধেৰে শিক্ষকক স্কুটী দিবলৈ উপৰ্যুক্ত তিনিওটা চৰ্তৰ এটায়ো অনুমতি নিদিয়ে। তেন্তে কিহৰ ভিত্তিত মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষক-শিক্ষয়িত্ৰী সকলক স্কুটী দিয়াৰ কথা ক’লে ?

মুখ্যমন্ত্ৰীৰ আসনত বহাৰ কিছুদিনৰ পিছতেই ড০ হিমন্ত বিশ্ব শৰ্মাই সদম্ভে মনৰ ভাব প্ৰকাশ কৰিছিল যে তেখেত কেতিয়াও প্ৰাক্তন মুখ্যমন্ত্ৰী হ’ব নিবিচাৰে। অৰ্থাৎ ভৱিষ্যতৰ দিনবোৰত তেওঁ কেতিয়াও পৰাজয় বৰণ নকৰে আৰু আজীৱন-আমৰণ মুখ্যমন্ত্ৰী হৈ থাকিব। আমি ইতিমধ্যেই গম পাইছোঁ, তেখেতৰ সপোন আছিল অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ আৰু অৱশেষত দল, আদৰ্শ ইত্যাদি পৰিত্যাগ কৰি হ’লেও মুখ্যমন্ত্ৰী হ’ল। এয়া তেখেতৰ বৃ্হৎ সফলতা। এতিয়া তেখেতে সপোন দেখিছে, তেখেত আজীৱন অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব। সেয়ে তেখেতৰ প্ৰতিটো কাৰ্যত প্ৰকাশ পায় ক্ষমতা ধৰি ৰখাৰ নতুন নতুন কৌশল। তাৰে অন্যতম কৌশল হ’ল শিক্ষক-শিক্ষয়িত্ৰীক স্কুটী প্ৰদান কৰিব বুলি কোৱাটো। মানে শিক্ষক সমাজকো যদি হিতাধিকাৰীৰ শাৰীত সুমুৱাই ল’ব পৰা যায় তেখেতৰ ভোট বেংকৰ পৰিসীমা যথেষ্ট বৃদ্ধি পাব। সপোন দেখাত আপত্তি নাই। তেখেত এগৰাকী বিচক্ষণ ৰাজনীতিক বুলি একাংশ লোকে ক’ব খোজে। যদি সেইটোৱেই সঁচা, তেখেতৰ দৰে ৰাজনীতিক এজন সৰ্বকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে পালে অসমৰে গৌৰৱ। কিন্তু সপোনক বাস্তৱ ৰূপ দিবলৈ যি মন যায় তাকেই কৰাতহে আমাৰ আপত্তি আছে। লাখ লাখ কোটি টকাৰ ঋণ লৈ লাখ লাখ হিতাধিকাৰী সৃষ্টি কৰি কোনো বিচক্ষণ ৰাজনীতিকে সমাজত দেশৰ উন্নতি সাধিব নোৱাৰে। তেনে ৰাজনীতিক আজীৱন ক্ষমতাৰ অধিকাৰীও হ’ব নোৱাৰে সেয়া নিশ্চিত।

জনসাধাৰণৰ ক্ষতি নোহোৱাকৈ অভাৱী, যোগ্য আৰু প্ৰয়োজন অনুসৰি দেশৰ নাগৰিকক চৰকাৰে যি দিব লাগে দি থাকক। তাত আমাৰ কোনো আপত্তি নাই। কিন্তু নিয়মিয়াকৈ দৰমহা ভোগ কৰি থকা শিক্ষক-শিক্ষয়িত্ৰী সকলক স্কুটী দিবলৈ ওলোৱা কাৰ্যক আমি কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ। আচলতে কোনো শিক্ষক-শিক্ষয়িত্ৰীয়ে বিনামূলীয়া স্কুটী বিচাৰি দাবী বা আবেদন কৰা নাই। বৰঞ্চ তেওঁলোকে এনে ঘোষণা শুনি আচৰিত হোৱাৰ লগতে বিৰোধিতাহে কৰিছে। সামাজিক মাধ্যমৰ পৰা বুজা যায় শিক্ষক-শিক্ষয়িত্ৰী সকলক শিক্ষাদান কৰাৰ এক সুস্থ বাতাৱৰণ লাগে। তেওঁলোকক কিছু স্বাধীনতা লাগে যাৰ জৰিয়তে নিজে বিচৰা ধৰণে শিক্ষাদানত ব্ৰতী হ’ব পাৰে। আজি কালি বেংকৰ ঋণৰ সহায়ত স্কুটী কি, নামী-দামী চাৰিচকীয়া বাহন ক্ৰয় কৰিবলৈও তেনেই সহজ। মাহিলী নিয়মিয়া দৰমহা পোৱা শিক্ষক বা শিক্ষয়িত্ৰী এগৰাকীৰ কাৰণে স্কুটী এখন ক্ৰয় কৰাটো কোনো কথাই নহয়। সেয়ে কাৰোবাক কিবা এটা দিম বুলি কোৱাৰ আগতে চৰকাৰে অন্ততঃ এবাৰ নিজকে সোধক – ‘কোনে কি পাব লাগে আৰু কিয় পাব লাগে ?’


বি.দ্ৰঃ এই লেখাটি “আমাৰ অসম” কাকতত প্ৰকাশ হৈ গৈছে।



আৰু পঢ়ক -
বিদ্যালয় এখন সুন্দৰকৈ গঢ়ি তোলাত প্ৰধান শিক্ষকৰ ভূমিকা
ইতিবাচক মনৰ গৰাকী হওক

Post a Comment

Previous Post Next Post