দৃশ্যপট শৰতৰ

© দিবাকৰ বৰদলৈ

"আহিন মহীয়া শেৱালি সৰিলে
নিয়ৰত তিতলে বন
জোনাকত উপঙিল কিহবাৰে ৰাগী
কেনেবা কৰিলে মন
বান্ধৈ ঐ কেনেবা কৰিলে মন !" -পাৰ্ৱতিপ্ৰসাদ বৰুৱা

শৰতৰ সুমধুৰ গীত এটিৰ আমেজ লৈ লৈ
আঁকি আছোঁ এটি
ধূসৰ দৃশ্যপট শৰতৰ ৷

গীতৰ টানে টানে
ঢৌ খেলিছে শুভ্ৰ কঁহুৱাৰ এখনি
ভাৰ্চোৱেল ছবি
নিয়ৰসিক্ত দূবৰিত নসৰা
শেৱালিৰ সুবাস এটি
আহি আহিও
থমকি ৰৈছে দুৱাৰদলিত
ধৰিব পৰা নাই
চুই গৈছে নে নাই
চেঁচা চেঁচা এজাক বতাহে

ঘূৰ্ণায়মান পাংখাৰ শবদত
মাজে মাজে
হেৰাই যায় গীতৰ মাধুৰ্য্য

শৰতৰ সুমধুৰ গীতৰ লহৰত
কোনোবা মন গহনত
বিষ এটাই দোলা দিছেহি-
আহিন আহিল ৷
সৰা নাই নিয়ৰ ৷


আৰু পঢ়কঃমানুহ মাৰিবলৈ তেনেই সহজ

Post a Comment

Previous Post Next Post