বিশ্বৰ শৰীৰত পংগু অংগ হ’লে নহ’ব

-দিবাকৰ বৰদলৈ


সংৰক্ষণ অৰ্থাৎ Reservation বৰ্তমান সময়ত ভাৰতৰ বাবে এক ‘অস্পৃশ্য’ শব্দ। বিশেষকৈ সংৰক্ষণ আওতাৰ বাহিৰৰ সাধাৰণ বৰ্গৰ লোকসকলে ‘সংৰক্ষণ’ বোলা শব্দটো শুনিবই নিবিচাৰে। সেয়ে চাকৰি-বাকৰি বা শিক্ষাৰ ক্ষেত্ৰত ‘সংৰক্ষণ’ ব্যৱস্থাৰ দ্বাৰা সুবিধা পোৱা অনুসূচিত জাতি আৰু জনজাতিৰ (এচ.চি/এচ.টি) প্ৰাৰ্থীসকলক লৈ সামাজিক মাধ্যমতেই হওক সভাই-সমিতিয়েই হওক যিটো হাৰত চৰ্চা চলে এনে লাগে যেন সংবিধানৰ ১৭ নং অনুচ্ছেদেৰে আঁতৰোৱা ‘অস্পৃশ্যতা’ নতুন ৰূপত ঘূৰি আহিছে। যাক নামকৰণ কৰিব খোজোঁ-‘নব্য-অস্পৃশ্যতা’ অৰ্থাৎ ‘Neo-untouchability’ হিচাপে। ‘নব্য-অস্পৃশ্যতা’ অভিধাটো এই কাৰণেই বাচি ললোঁ যে এতিয়া সামাজিক মাধ্যম (যেনে- ফেইচবুক, টুইটাৰ), ডিজিটেল মাধ্যম (যেনে- নিউজ প’ৰ্টেলবোৰ)তথা বোলছবিৰ মাধ্যমেৰে এচ.চি/এচ.টিৰ প্ৰতি অস্পৃশ্য ভাব নিকৃষ্টৰূপত প্ৰকাশ কৰা হয়। কেতিয়াবা কেতিয়াবা এচ.টি/এচ.চি সকলক উপলুঙা কৰি প্ৰস্তুত কৰা এনে কিছুমান ‘মিম’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে যাক ভাষাৰে বুজাব নোৱাৰি। আশ্বৰ্যকৰ কথাটো হ’ল, এচ.টিৰ ষ্টেটাচ বিচাৰি সময়ে সময়ে দাবী ধৰ্ণাৰে দেশৰ সামাজিক, ৰাজনৈতিক পৰিৱেশ উত্তাল কৰি থকা সম্প্ৰদায়সমূহৰ একাংশয়ো এচ.টি/এচ.চিৰ প্ৰাৰ্থীসকলক সুবিধা পালেই ইতিকিং কৰিবলৈ নাপাহৰে। মুঠতে সংৰক্ষণ আৰু এচ.টি/এচ.চি সমাৰ্থক নিচিনা হৈ পৰিল। সংৰক্ষণ মানেই এচ.টি/এচ.চি বা এচ.টি/এচ.চি মানেই সংৰক্ষণ। সেয়ে কোনোৱে যদি সংৰক্ষণ ব্যৱস্থাটোক গালি দিছে, তেওঁ আওপকীয়াকৈ এচ.টি. বা এচ.চি. লোককে গালি দিছে। দুখৰ বিষয়, এই ক্ষেত্ৰত চৰকাৰ কিন্তু ৰহস্যজনকভাৱে মৌন।
সংৰক্ষণ ব্যৱস্থাটো সামাজিক ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত। সামাজিক ন্যায় প্ৰতিষ্ঠা কৰিবলৈ যাওতে সমাজৰ উন্নত জাতি-সম্প্ৰদায়বোৰক কিছু পৰিমানে বঞ্চিত কৰি অৰ্থনৈতিক, ৰাজনৈতিক, শৈক্ষিক ইত্যাদি ক্ষেত্ৰত অনগ্ৰসৰ জাতি-সম্প্ৰদায়বোৰক বিষেশভাৱে সুবিধা প্ৰদান কৰা হয়, যাতে তেওঁলোকেও সমাজত মৰ্যাদাপূৰ্ণভাৱে জীয়াই থাকিব পাৰে। এই বাবেই ইয়াক ‘ইতিবাচক বৈষম্য’ (Positive discrimination) বুলিও কোৱা হয়। ভাৰতীয় সংবিধানে পিছপৰা এচ.চি/এচ.টি লোকসকলৰ বাবেও সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যাতে সমাজৰ অন্যান্য আগবঢ়া জাতিৰ লোকসকলৰ সমানে সমানে খোজ মিলাব পাৰে। কিন্তু সংবিধানৰ সেই লক্ষ্য আজিলৈকে পূৰণ নহ’ল। সামাজিক মৰ্যাদা বঢ়াতকৈ কমিলহে।
সংৰক্ষণ ব্যৱস্থাটো প্ৰথমাৱস্থাত মাত্ৰ দহ বছৰৰ বাবেহে প্ৰচলন কৰা হৈছিল। কিন্তু আজিলৈকে এই ব্যৱস্থাৰ অন্তই নপৰিল। ইয়েই বৰ্তমান সময়ত সাধাৰণ বৰ্গৰ লোকসকলৰ অসন্তুষ্টিৰ প্ৰধান কাৰণ। কিয়নো সংৰক্ষণ ব্যৱস্থাৰ কাৰণেই সাধাৰণ বৰ্গৰ মেধাসম্পন্ন লোকসকলে শিক্ষা, নিযুক্তি আদিকে ধৰি বহু ক্ষেত্ৰত বঞ্চিত হ’ব লগা হৈছে। তেওঁলোকৰ মত হ’ল কেৱল মাত্ৰ দহ বছৰৰ বাবে প্ৰচলন কৰা ব্যৱস্থা এটা স্বাধীনতাৰ পঁইসত্তৰ বছৰৰ পিছতো বাহাল ৰখাটো কোনো যুক্তিপূৰ্ণ কথা নহয়। ‘মেধা’ আৰু ‘সমতা’ এই দুই আদৰ্শত বিশ্বাসী তেওঁলোক । অৱশ্যে কোনো কোনোৱে জাতি-জনজাতিৰ ভিত্তিত নহৈ আৰ্থিক অনগ্ৰসৰতাৰ ভিত্তিতহে সংৰক্ষণ ব্যৱস্থা হ’ব লাগে বুলি কয়।
সংৰক্ষণ ব্যৱস্থাৰ সপক্ষে বহু যুক্তি থাকিলেও এচ.টি./এচ.চি. লোকসকলে এই ব্যৱস্থাক প্ৰত্যাহ্বান জনোৱাৰ সময় সমাগত। কাৰণ এতিয়া আগৰ পৰিৱেশ নাই। সময়ৰ লগে লগে বহু পৰিৱৰ্তন হ’ল। সমাজ, চিন্তাধাৰা, যাতায়াত, যোগাযোগ, প্ৰযুক্তি – সকলো আমূল পৰিৱৰ্তন হ’ল। নিজৰ নিজৰ প্ৰতিভা বিকাশ আৰু প্ৰদৰ্শন কৰিবলৈ অনেক সুযোগ, সুবিধা আৰু বিকল্প উপলব্ধ। তাৰবাবে প্ৰথম আৰু প্ৰধান কৰণীয় হ’ল- তেওঁলোকে তেওঁলোকৰ শিশুসকলক এচ.টি/এচ.চি শিশু হিচাপে নহয়, সাধাৰণ বৰ্গৰ শিশু হিচাপেহে প্ৰতিপালন কৰিব লাগিব। অৱচেতন মনত শিপাই থকা এচ.চি/এচ.টি অথবা সংৰক্ষণ বোলা ধাৰণাবোৰ উৎপাটন কৰিব লাগিব। কোনো ধৰণৰ কৃপণালী নকৰাকৈ ভালৰো ভাল শিক্ষানুষ্ঠানত ল’ৰা-ছোৱালীক পঢ়ুৱাব লাগিব। গাঁৱত নোৱাৰিলে চহৰৰ ভাৰাঘৰত থাকি হ’লেও উন্নতমানৰ শিক্ষানুষ্ঠানত নিজৰ নিজৰ ল’ৰা-ছোৱালীক পঢ়ুৱাব লাগিব। ঘৰ, মাটি-বাৰী, সম্পত্তিৰ মোহত বন্দী হৈ গাঁৱতে সোমাই থাকিলে নহ’ব। যিমান পৰাযায় সন্তান-সন্ততিক আটাইতকৈ বেছি সময় আৰু সাহচৰ্য দিব লাগিব। ন্যূনতম কিতাপ-কাগজৰ পৰা আৰম্ভ কৰি যেতিয়াই যি লাগে সকলো প্ৰয়োজনীয় সা-সামগ্ৰী যোগাৰ দিবলৈ প্ৰস্তুত থাকিব লাগিব। মই দেখিছোঁ, গৰিষ্ঠসংখ্যক এচ.টি/এচ.চি সম্প্ৰদায়ৰ অভিভাৱকে সন্তানৰ পঢ়া-শুনাৰ ক্ষেত্ৰত বৰ কৃপণালী কৰে। টকা-পইচাবোৰ অবাবত খৰচ হোৱা বুলি ভাবে। কিন্তু একে সময়তে উৎসৱ-পাৰ্বণৰ বেলিকা ধোঁৱাখুলীয়া । তেওঁলোকে বুজা উচিত, শিক্ষাৰ ক্ষেত্ৰত খৰচ হোৱা পইচাবোৰ আচলতে এক দীৰ্ঘম্যাদী বিনিয়োগ। অতি বেছি পঁছিশ বছৰৰ কাৰণে বিনিয়োগ কৰিব লাগে। যেতিয়া ল’ৰাটো বা ছোৱালীজনী পঢ়ি-শুনি উপাৰ্জনৰ পথ এটা বাছি ল’ব, তাৰ পিছৰে পৰা ‘ৰিটাৰ্নেই ৰিটাৰ্ন’। এই ক্ষেত্ৰত তেওঁলোকে সাধাৰণ বৰ্গৰ অভিভাৱকসকলে কেনেদৰে তেওঁলোকৰ সন্তান-সন্ততিসকলৰ পঢ়া-শুনাৰ দায়িত্ব পালন কৰে তাক অনুসৰণ কৰা উচিত। পৰম্পৰা বা সংস্কৃতিৰ নামত সমাজৰ কিছুমান অপসংস্কৃতি সাৱতি নাথাকি সময় সাপেক্ষ পথত অগ্ৰসৰ হ’ব লাগিব। মুঠৰ ওপৰত এচ.টি/এচ.চিৰ সমাজখনত এক নৱ-জাগৰণৰ অতি প্ৰয়োজন ।
গুৰুত্বপূৰ্ণ কথাটো হ’ল, সংৰক্ষণ ব্যৱস্থাই কেৱল সাধাৰণ বৰ্গৰ লোকসকলকেই অপকাৰ কৰা নাই, এচ.টি/এচ.চি সকলকো কৰিছে। সাংবিধানিক সংৰক্ষণ ব্যৱস্থাই এচ.চি/এচ.টি সকলক বিভিন্ন ক্ষেত্ৰত আগবঢ়ি যোৱাত সহায় কৰিছে যদিও একে সময়তে এই সংৰক্ষণ ব্যৱস্থাই তেওঁলোকক পাছলৈও টানি থকা দেখা যায়। ফলত প্ৰতিভা আৰু সামৰ্থ্য অনুসৰি প্ৰাপ্যখিনি তেওঁলোকে নাপায়। উদাহৰণস্বৰূপে, সংৰক্ষণ ব্যৱস্থা থকাৰ বাবেই বহু প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীয়ে পঢ়াত সিমান মনোযোগ নিদিয়ে, যিমান দিলে তেওঁলোকে বহু ভাল ফল লাভ কৰিব পাৰে। আৰু অভিভাৱকসকলেও তেওঁলোকৰ ল’ৰা-ছোৱালীৰ পঢ়া-শুনা কথাটো বিশেষ গুৰুত্বসহকাৰে নলয়। কাৰণ ‘সংৰক্ষণ’ নামৰ ‘ব্ৰহ্মাস্ত্ৰ’ বিধ আছেই, ইমান কষ্ট কৰাৰ সকাম নাই – বোলা পশ্ছাদমুখী বল এটাই অনবৰতে ক্ৰিয়া কৰি থাকে। তাৰোপৰি সংৰক্ষণ ব্যৱস্থাই এচ.চি বা এচ.টি সকলৰ সামাজিক মৰ্যাদা দুখ লগাকৈ লাঘৱ কৰিছে। যাৰ বাবে মই আৰম্ভণিতে নব্য-অস্পৃশ্যতা বুলি কৈছোঁ। অৰ্থাৎ সাংবিধানিক সংৰক্ষণ ব্যৱস্থাই দুমুখীয়া তৰোৱালৰ লেখীয়াকৈ কাম কৰি আছে। সেয়ে আমি ভাবোঁ উত্তৰ পুৰুষে সংৰক্ষণ ব্যৱস্থাক প্ৰত্যাহ্বান জনাই আগবাঢ়ি যাওক । এদিন নিশ্চয় সফলতাই ধৰা দিবহি। নহ’লে ড০ ভূপেন হাজৰিকাই ক’বৰ দৰে, “বিশ্বৰ শৰীৰত পংগু অংগ” হৈয়ে থাকিব লাগিব।


বি.দ্ৰঃ এই লেখাটি “প্ৰান্তিক”ৰ Feb.1-15, 2024 সংখ্যাত প্ৰকাশ পাইছে।



আৰু পঢ়ক -
বিদ্যালয় এখন সুন্দৰকৈ গঢ়ি তোলাত প্ৰধান শিক্ষকৰ ভূমিকা
ইতিবাচক মনৰ গৰাকী হওক

Post a Comment

Previous Post Next Post